Recents in Beach

মদন কামদেৱ দেৱালয় - Madan Kamdev

মদন কামদেৱ দেৱালয়

Madan Kamdev


পৰিচয়ঃ-

মদন কামদেৱ (Madan Kamdev) দেৱালয় হৈছে অসমৰ কামৰূপ জিলাৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। মদন কামদেৱ দেৱালয় বাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰত অৱস্থিত। ভালেমান দেৱ-দেৱীৰ প্ৰস্তৰ মূৰ্তিৰে পৰিপূৰ্ণ এই দেৱালয়খন। সুন্দৰ নৈসৰ্গিক শোভা আৰু অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষেৰে পৰিপূৰ্ণ এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ।


ইতিহাস :-

নিৰ্মাণ শৈলী বিশ্লেষণ কৰি মদন কামদেৱ (Madan Kamdev) দেৱালয় দশম, একাদশ আৰু দ্বাদশ শতিকাত পাল ৰাজবংশৰ ৰাজত্বকালত স্থাপিত বুলি ঠাৱৰ কৰা হৈছে।

স্থাপত্য আৰু ভাস্কৰ্য :-

কুৰি শতিকাত মদন কামদেৱ (Madan Kamdev) দেৱালয় পুনৰ আৱিষ্কৃত হয়। অসম চৰকাৰৰ পুৰাতত্ব বিভাগে দেৱালয়খন নিজৰ অধীনলৈ আনি সংৰক্ষিত বুলি ঘোষণা কৰে। ১৯৭৭ চনত অসম চৰকাৰে প্ৰত্নতাত্বিক বিভাগৰ সহযোগত প্ৰথমবাৰ আৰু ১৯৮২ চনত দ্বিতীয়বাৰ খনন চলাই অসংখ্য শিলৰ মূৰ্তি আৰু বিশটাতকৈয়ো অধিক গাঁথনি আৱিষ্কাৰ কৰে। এই মন্দিৰটোৰ ভগ্নাৱশেষবোৰৰ  মাজত আছে সূৰ্য, শিৱ, বিষ্ণুকে আদি কৰি বহু দেৱ-দেৱীৰ শিলামূৰ্তি। আৰু চৌপাশে সিঁচৰতি হৈ আছে বহুতো ভগ্নপ্ৰায় শৈল ভাস্কৰ্য।

Post a Comment

0 Comments