Recents in Beach

History Of Bhairabeswari Dewaloi - ভৈৰবেশ্বৰী দেৱালয়ৰ ইতিহাস

ভৈৰবেশ্বৰী দেৱালয়

Bhairabeswari Dewaloi



ভৈৰবেশ্বৰী দেৱালয়ৰ ইতিহাস :-
History Of Bhairabeswari Dewaloi:-

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীভৈৰবেশ্বৰী দেৱালয়খন (Bhairabeswari Dewaloi)  অৱস্থিত ভেহবাৰী চকৰ পৰা পশ্চিমে গুৰমৌ (Gurmow) আৰু ভেহবাৰী (Bhehbari) গাঁৱৰ সীমাত । ই ৰঙিয়াৰ পৰা পূৱে ৮-১০ কি: মি:, বাইহাটা চাৰিআলিৰ পৰা উত্তৰে ১৫ কি: মি:, আৰু গোৰেশ্বৰৰ পৰা দক্ষিণে ৮ কি: মি: ।
ভৈৰবেশ্বৰী দেৱালয় খন ভৈৰবেশ্বৰী পুখুৰীৰ সংলগ্নকৈ উত্তৰ পাৰে সজোৱা হৈছিল । তেতিয়াৰ দিনৰ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি শিলেৰে সজোৱা হৈছিল । এই শিলবোৰ উত্তৰ গুৱাহাটীৰ ডোৰাকঁহৰাৰ পৰা গৰুগাড়ীৰে অনা হৈছিল । সেই শিলবোৰত শিলাকুটি সকলে বিভিন্ন দেৱ দেৱীৰ ভাস্কৰ্যৰ লগতে বিভিন্ন নক্সাও আকিছিল । দুখৰ কথা যে এই দেৱালয় খন এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে । এই দেৱালয় খন কেতিয়া কেনেকৈ ভাঙি গল তাৰ উত্তৰ পোৱাটো সম্ভৱ নহয় । মন্দিৰ ধ্বংসৰ কাৰণে ভূমিকম্পকে দোষী সজাব পাৰি ।

মন্দিৰ ভাঙিলেও ইয়াৰ ভাস্কৰ্য সমূহে আজিও অতীতৰ গৌৰৱ বহন কৰি আছে । ইতিমধ্যে ভগ্নস্তুপৰ মাজৰ পৰা কৃষ্ণৰ দশাৱতাৰৰ পাঁচটা ভাস্কৰ্য উদ্ধাৰ কৰা হৈছে । সেই কেইটা হৈছে কুৰ্ম, বামণ, পৰশুৰাম, বুদ্ধ আৰু কল্কি । বাকি ৰোৱা পাঁচটা ভাস্কৰ্য খনন কাৰ্য চলালে পোৱাৰ সম্ভাৱনা আছে । ভৈৰবেশ্বৰী দেৱালয়ত লাভ কৰা ইটা, ভাস্কৰ্য, সাজন পদ্ধতি, মৃৎ পাত্ৰ, ধাতুৰ পাত্ৰৰ লগত পাল ৰজাসকলে কৰা কাৰ্যৰ সম্পূৰ্ণ মিল থকা দেখা গৈছে । ইতিমধ্যে বাইহাটা চাৰিআলিৰ ওচৰৰ মদন-কামদেৱ দেৱালয়ত পুৰাতত্ব বিভাগে খনন কাৰ্য চলাই ইয়াক পাল বংশীয় ৰজাই একাদশ শতিকাৰ শেষ ভাগত সজোৱা বুলি ঠাৱৰ কৰিছে । মদন-কামদেৱ দেৱালয় আৰু ভৈৰবেশ্বৰী দেৱালয় অগা পিছাকৈ সজাইছিল বুলি নিশ্চিত কৰিব পৰা যায় । ভৈৰবেশ্বৰী দেৱালয়খন (Bhairabeswari Dewaloi) পালবংশৰ শেষ ফালৰ ৰজা জয়পাল ওৰফে ৰামচন্দ্ৰই সজাইছিল (আমি জনা ৰামায়ণৰ ৰাম নহয়)। সেই বংশ কোনো মহামাৰীৰ আক্ৰান্ত হৈ নি:শেষ হৈ যায় ।
সি যি কি নহওক, বহু বছৰৰ পাছত এই অঞ্চলত পুনৰ বিভিন্ন স্থানৰ মানুহৰ আগমন ঘটে । আৰু তেতিয়াই গভীৰ অৰণ্যৰ মাজত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এই মন্দিৰৰ ভগ্নাৱশেষ । তেতিয়া এই মন্দিৰৰ বিষয়ে জনাৰ কোনো উপায় নাছিল । কালক্ৰমত ইয়াক ভৈৰবেশ্বৰী দেৱালয় নামেৰে নামাকৰণ কৰা হয় । কিহৰ ভিত্তিত ভৈৰবেশ্বৰী নাম দিয়া হৈছিল আজিও ইয়াৰ সঠিক উত্তৰ পোৱা নাই । আজিও ই এক উত্তৰবিহীন প্ৰশ্ন........
জয় মা ভৈৰবেশ্বৰী ।

সংগ্ৰহ: হিমাংশু দাস, ভেহবাৰী ।











Post a Comment

0 Comments